Logo
image

২৪% দৰমহা বাঢ়িল সাংসদৰ, বৃদ্ধি পেন্সনো

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ মাৰ্চঃ  দেশৰ সাংসদ আৰু প্ৰাক্তন সাংসদৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ সাংসদৰ দৰমহা ২৪ শতাংশ বৃদ্ধি কৰা হৈছে৷ সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰণালয়ে এই ঘোষণা কৰে৷ দৰমহাৰ উপৰি সাংসদ তথা প্ৰাক্তন সাংসদৰ দৈনিক ভাট্টাও বৃদ্ধি কৰা হৈছে৷ সেই অনুসৰি সাংসদৰ দৰমহা মাহিলি ৰ লাখ টকাৰ পৰা ৰ লাখ ২৪ হাজাৰ টকালৈ আৰু প্ৰাক্তন সাংসদৰ  পেঞ্চন মাহিলী ২৫,০০০ টকাৰ পৰা ৩১ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে৷


আনহাতে উভয়ৰ দৈনিক ভাট্টা ২০০০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি কৰা হৈছে৷ আজি সোমবাৰে ঘোষণা কৰিলেও সাংসদ আৰু প্ৰাক্তন সাংসদে ক্ৰমে বৰ্ধিত দৰমহা তথা দৈনিক ভাট্টা ২০২৩ চনৰ ৰ এপ্ৰিলৰ পৰা লাভ কৰিব৷ ২০১৮ চনত অন্তিমবাৰৰ বাবে সাংসদৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰা হৈছিল৷ উল্লেখ্য, সাংসদসকলে দৰমহা আৰু দৈনিক ভাট্টাৰ উপৰি প্ৰতিমাহে কাৰ্যালয় ভাট্টা হিচাপে ৬০,০০০ টকা লাভ কৰে৷ আনহাতে সাংসদক মাহিলি ৫০,০০০ ইউনিট বিনামূলীয়া বিদ্যুৎ, ৪০০০ কিলোমিটাৰ পানী যোগান ধৰা হয়৷ তদুপৰি সাংসদে বছৰি দেশৰ ভিতৰত ভ্ৰমণৰ বাবে ৩৪ টা বিনামূলীয়া বিমানৰ টিকট আৰু ৰে’লৰ প্ৰথম শ্ৰেণীত ভ্ৰমণৰ সীমাহীন সুবিধা লাভ কৰে৷